অক্টাৱিয়' পাছ ল'জান' (ইংৰাজী: Octavio Paz Lozano; স্পেনিছ উচ্চাৰণ: [okˈtaβjo pas loˈsano] এই শব্দটোৰ বিষয়ে audio ; ৩১ মাৰ্চ ১৯১৪ - ১৯ এপ্ৰিল ১৯৯৮) এগৰাকী মেক্সিকান কবি, লেখক আৰু কূটনীতিবিদ আছিল। তেওঁৰ কৰ্মৰাজীৰ বাবে তেওঁ ১৯৮১ চনৰ মিগুৱেল ডি চাৰ্ভেণ্টিছ পুৰস্কাৰ, ১৯৮২ চনত Neustadt International Prize for Literature আৰু ১৯৯০ চনত সাহিত্যন'বেল বঁটা লাভ কৰে।

অক্টাৱিয়' পাছ

১৯৮৮ চনত অক্টাৱিয়' পাছ
জন্ম অক্টাৱিয়' পাছ ল'জান'
৩১ মাৰ্চ, ১৯১৪
মেক্সিকো চিটি, মেক্সিকো
মৃত্যু ১৯ এপ্ৰিল, ১৯৯৮ (৮৪ বছৰ)
মেক্সিকো চিটি, মেক্সিকো
পেচা
  • লেখক
  • কবি
  • কূটনীতিবিদ
সময় ১৯৩১–১৯৬৫
সাহিত্যিক বিপ্লৱ
  • Surrealism
  • existentialism
উল্লেখযোগ্য বঁটা

অক্টাৱিয়' পাছৰ জন্ম হয় ১৯১৪ চনৰ ৩১ মাৰ্চত, মোক্সিকোত। তেখেতে মেক্সিকোৰ নেছনেল বিশ্ববিদ্যালয় আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত শিক্ষা লাভ কৰে। ১৯৬২ চনত মেক্সিকোৰ ৰাষ্ট্ৰদূত হিচাপে ভাৰতলৈ আহে। ১৯৬৮ চনলৈকে এই পদত কাৰ্যনিৰ্বাহ কৰাৰ পাছত সেই বছৰেই অনুষ্ঠিত মেক্সিকো অলিম্পিকত ছাত্ৰৰ ওপৰত পুলিচে চলোৱা বৰ্বৰোচিত গুলীচালনাৰ প্ৰতিবাদত ৰাষ্ট্ৰদূত পদৰ পৰা পদত্যাগ কৰে। ইয়াৰ পাছত তেখেতে ক্ৰমে টেক্কাছ, হাৰ্ভাৰ্ড আৰু কেমব্ৰিজ বিশ্ববিদ্যালয়ত ‘লেটিন আমেৰিকা ষ্টাডিজ’ বিভাগৰ অধ্যাপকৰূপে কাৰ্যনিৰ্বাহ।[1] কৈশোৰৰ পৰাই কবিতা চৰ্চা কৰিছিল। ১৭ বছৰ বয়সতে মেক্সিকোৰ প্ৰখ্যাত সাহিত্যালোচনীত তেওঁৰ ৰচনা প্ৰকাশ হৈছিল। গদ্য ৰচনাতো বিশেষ দক্ষতা প্ৰদৰ্শন কৰিছিল। লেটিন আমেৰিকাত পাজক প্ৰথম শাৰীৰ গদ্য লেখক হিচাপে সসন্মানে স্বীকৃতি দিয়া হয়।[2]

সাহিত্যৰাজি

সম্পাদনা কৰক
  • Luna Silvestre (1933)
  • Baja tu clara sombra y otros poemas (1937)
  • Entre la piedra y flor (1941)
  • Aguila o sol? (1951)
  • Piedra de sol (1957)
  • Salamandra (1962)
  • Selected Poems (1963)
  • Pasado en claro (1975)
  • Vuelta (1976)
  • The Collected Poems of Octavio Paz, 1957-1987 (1987)

গদ্য সংকলন

সম্পাদনা কৰক
  • El laberinto de la soledad (1950)
  • Corrientae alterna (1967)
  • Posdata (1970)
  • Tiempo nublado (1984)
  • La otra voz (1990)

প্ৰবন্ধ সংকলন

সম্পাদনা কৰক
  • El arco y la lira (1956)
  • Los hijos del limo (1974

জীৱনযোৰা সাধনা বঁটা হিচাপে ১৯৯০ চনত তেখেতে সাহিত্যৰ নবেল বঁটা লাভ কৰে। অন্যান্য সন্মানৰ ভিতৰত কাৰ্ভেণ্টিছ এৱাৰ্ড, নিউছাইড প্ৰাইজ আদি অন্যতম। ১৯৮৮ চনৰ ১৯ এপ্ৰিলত তেখেতৰ মৃত্যু হয়।[3]

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. https://poets.org/poet/octavio-paz
  2. অসম কোষ, সংকলনা আৰু সম্পাদনা- শান্তনু কৌশিক বৰুৱা, প্ৰথম প্ৰকাশ, ২০১২, পৃষ্ঠা-১
  3. http://www.nobel.se/literature/laureates/1990/paz-bio.html Nobel museum biography and list of works
pFad - Phonifier reborn

Pfad - The Proxy pFad of © 2024 Garber Painting. All rights reserved.

Note: This service is not intended for secure transactions such as banking, social media, email, or purchasing. Use at your own risk. We assume no liability whatsoever for broken pages.


Alternative Proxies:

Alternative Proxy

pFad Proxy

pFad v3 Proxy

pFad v4 Proxy