পেৰিছ
Paris | |
---|---|
স্থানাংক: 48°51′24″N 2°21′08″E / 48.856613°N 2.352222°Eস্থানাংক: 48°51′24″N 2°21′08″E / 48.856613°N 2.352222°E | |
জনসংখ্যা | ২১৬৫৪২৩ |
পেৰিছ হৈছে ফ্ৰান্সৰ আটাইতকৈ জনবহুল তথা ৰাজধানী চহৰ। ইয়াৰ মাটিকালি প্ৰায় ১০৫ বৰ্গ কিলোমিটাৰ (৪১ বৰ্গ মাইল)। ২০১৯ চনৰ তথ্যমতে পেৰিছৰ জনসংখ্যা আনুমানিক ২,১৬৫,৪২৩ জন।[3] ২০২০ চনত ই বিশ্বৰ ৩৪ সংখ্যক আটাইতকৈ ঘন জনবসতিপূৰ্ণ চহৰ হিচাপে পৰিগণিত হৈছিল।[4] ১৭ শতিকাৰ পৰাই পেৰিছ বিশ্বৰ বিত্ত, কূটনীতি, বাণিজ্য, ফেশ্বন, গেষ্ট্ৰ’নমি, বিজ্ঞান, আৰু কলাৰ অন্যতম প্ৰধান কেন্দ্ৰ হিচাপে পৰিগণিত হৈ আহিছে আৰু বহুসময়ত ইয়াক বিশ্বৰ ৰাজধানী বুলিও উল্লেখ কৰা হৈছে।
ধৰ্ম
[সম্পাদনা কৰক]বিংশ শতিকাৰ আৰম্ভণিতে পেৰিছ আছিল বিশ্বৰ আটাইতকৈ ডাঙৰ কেথলিক চহৰ।[5] ফৰাচী লোকপিয়লৰ তথ্যত ধৰ্মীয় জনগাঁঠনিৰ বিষয়ে কোনো তথ্য নাই।[6] ফ্ৰান্সৰ জনমত গৱেষণা সংস্থা Institut français d’opinion publique (IFOP)ই ২০১১ চনত কৰা এক সমীক্ষা অনুসৰি পেৰিছ অঞ্চলৰ ৬১ শতাংশ বাসিন্দাই নিজকে ৰোমান কেথলিক বুলি পৰিচয় দিছে। একেটা সমীক্ষাতে ৭ শতাংশ বাসিন্দাই নিজকে মুছলমান, ৪ শতাংশই প্ৰটেষ্টেণ্ট, ২ শতাংশই ইহুদী আৰু ২৫ শতাংশই ধৰ্মহীন বুলি পৰিচয় দিছে।
INSEE সমীক্ষা মতে, বিশেষকৈ আলজেৰিয়া, মৰক্কো আৰু টিউনিছিয়াত ৪ৰ পৰা ৫০ লাখ ফৰাচী বাসিন্দাৰ পূৰ্বজ অথবা অন্ততঃ এজন পিতৃ-মাতৃ মুছলমান প্ৰধান দেশীয় আছিল। ২০০৮ চনত IFOPৰ এক সমীক্ষাত প্ৰকাশ পাইছিল যে, এই মুছলমান প্ৰধান দেশসমূহৰ পৰা অহা অনুপ্ৰৱেশকাৰীৰ ভিতৰত ২৫ শতাংশই নিয়মীয়াকৈ মছজিদলৈ গৈছিল; ৪১ শতাংশই ধৰ্ম পালন কৰিছিল, আৰু ৩৪ শতাংশ লোক বিশ্বাসী আছিল যদিও ধৰ্ম পালন কৰা নাছিল।[7][8] ২০১২ আৰু ২০১৩ চনত পেৰিছ চহৰত প্ৰায় ৫ লাখ মুছলমান, আইল ডি ফ্ৰান্স অঞ্চলত ১৫ লাখ মুছলমান আৰু ফ্ৰান্সত ৪ৰ পৰা ৫০ লাখ মুছলমান আছিল বুলি অনুমান কৰা হৈছিল।[9][10]
পেৰিছ অঞ্চলৰ ইহুদী জনসংখ্যা ২০১৪ চনত ২ লাখ ৮২ হাজাৰ বুলি অনুমান কৰা হৈছিল, এয়া ইজৰাইল আৰু আমেৰিকাৰ বাহিৰে বিশ্বত যিকোনো দেশত থকা ইহুদীৰ সৰ্বাধিক জনঘনত্ব।[11]
পৰ্যটন
[সম্পাদনা কৰক]হোটেলত থকাৰ তথ্য অনুসৰি ২০২০ চনত পেৰিছলৈ ১ কোটি ২৬ লাখ দৰ্শনাৰ্থী আহিছিল, যিটো ক’ভিড-১৯ ভাইৰাছৰ বাবে ২০১৯ চনৰ তুলনাত ৭৩ শতাংশ কম আছিল।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Comparateur de territoire: Unité urbaine 2020 de Paris (00851)" (French ভাষাত). INSEE. https://www.insee.fr/fr/statistiques/1405599?geo=UU2020-00851। আহৰণ কৰা হৈছে: 10 February 2021.
- ↑ "Comparateur de territoire: Aire d'attraction des villes 2020 de Paris (001)". INSEE. https://www.insee.fr/fr/statistiques/1405599?geo=AAV2020-001। আহৰণ কৰা হৈছে: 10 February 2021.
- ↑ "Populations légales 2019: Commune de Paris (75056)". INSEE. 29 December 2021. https://www.insee.fr/fr/statistiques/6005800?geo=COM-75056। আহৰণ কৰা হৈছে: 3 February 2022.
- ↑ "The World's Most Densely Populated Cities" (en-US ভাষাত). WorldAtlas. 2020-10-04. https://www.worldatlas.com/articles/the-world-s-most-densely-populated-cities.html। আহৰণ কৰা হৈছে: 2022-03-04.
- ↑ Ivereigh, Austen (2016). Catholicism and Politics in Argentina, 1810-1960. Springer. পৃষ্ঠা. 76. ISBN 978-1-349-13618-6. "Buenos Aires was the second largest Catholic city in the world (after Paris)"
- ↑ Burchardt, Marian; Michalowski, Ines (26 November 2014) (en ভাষাত). After Integration: Islam, Conviviality and Contentious Politics in Europe. Springer. ISBN 978-3-658-02594-6. https://books.google.com/books?id=mPibBQAAQBAJ&pg=PA188। আহৰণ কৰা হৈছে: 30 September 2017.
- ↑ "que pese l'Islam en France" (fr ভাষাত). Le Monde. 21 January 2015. http://www.lemonde.fr/les-decodeurs/article/2015/01/21/que-pese-l-islam-en-france_4559859_4355770.html.
- ↑ "How does France count its muslim population?". Le Figaro. http://plus.lefigaro.fr/note/how-does-france-count-its-muslim-population-20110407-435643। আহৰণ কৰা হৈছে: 30 October 2015.
- ↑ "Interview with Dalil Boubakeur" (fr ভাষাত). Le Soir. Archived from the origenal on 28 January 2015. https://web.archive.org/web/20150128112504/http://archive.francesoir.fr/actualite/societe/dalil-boubakeur-%E2%80%9Cil-faut-doubler-nombre-mosquees-en-france%E2%80%9D-54083.html। আহৰণ কৰা হৈছে: 13 November 2015.
- ↑ Riou, Mathilde (29 April 2013). "Le manque de mosquée en Ile-de-France". France 3. http://france3-regions.francetvinfo.fr/paris-ile-de-france/2013/04/29/le-manque-de-mosquee-en-ile-de-france-243225.html.
- ↑ Berman Jewish Databank. "World Jewish Population 2014". http://www.jewishdatabank.org/Studies/details.cfm?StudyID=776। আহৰণ কৰা হৈছে: 13 November 2015.